Posts

চাকৰি,পৰীক্ষা আৰু দুৰ্নীতি

 চাকৰি,পৰীক্ষা আৰু দুৰ্নীতি ১২ বজাত পৰীক্ষা আৰম্ভণিৰ ঘণ্টা বজাৰ লগে লগেই পৰীক্ষাৰ্থীসকলক শ্বিল্ড খুলি লিখিবলৈ আহ্বান জনাই অনুপস্থিত সকলৰ অব্যৱহাৰ প্ৰশ্নকাকত আৰু OMR বোৰ সংগ্ৰহ কৰি উপস্থিতি আৰু অনুপস্থিতিৰ সংখ্যা মিলাবলৈ আৰম্ভ কৰিলোঁ৷তাৰপিছতেই গ্লোভছযোৰ পিন্ধি পৰীক্ষাৰ্থীসকলৰ পৰিচয় পত্ৰ পৰীক্ষা কৰা আৰু উত্তৰ বহী(OMR)ত নিৰীক্ষকৰ চহী কৰাত লাগিলোঁ৷সাধাৰণতে পৰীক্ষাৰ দায়িত্বত থাকিলে খুব খৰখেদাকৈ মোৰ নিজৰ কামবোৰ সমাপন কৰিব চেষ্টা কৰোঁ যাতে পৰীক্ষাৰ্থীৰ সময় নষ্ট নহয়৷আজিওঁ একেদৰেই কামবোৰ শেষ কৰি চকীখনত বহিছিলোহে মাত্ৰ৷পৰীক্ষা কেন্দ্ৰৰ Centre Incharge আৰু বিভাগীয় বিষয়া কোঠালৈ সোমাই আহি ঘোষণা কৰিলে "লিখা বন্ধ কৰক৷এই পৰীক্ষাটো ইতিমধ্যেই বাতিল কৰা হৈছে৷পৰীক্ষাৰ প্ৰশ্নকাকত সামাজিক মাধ্যমযোগে ফাদিল হৈছে৷প্ৰশ্নকাকত আৰু উত্তৰ বহী জমা দি আপোনালোক যাব পাৰে৷"আমিওঁ আমাৰ দায়িত্ব সমাপন কৰিলোঁ৷পৰিক্ষাৰ্থীসকলৰ অসন্তুষ্টিয়ে আমাক কষ্ট দিয়ে৷চৰকাৰে নুবুজে৷ শিক্ষকতাই পেছা হোৱা বাবেই "নিৰীক্ষণ" কাৰ্যৰ লগত জড়িত হৈ থাকিব লগা হয়৷লাগিলে হাইস্কুল শিক্ষান্ত পৰীক্ষা,উচ্চতৰ মাধ্যমিকৰ বহী নিৰীক্ষণেই হওঁক ...