চাকৰি,পৰীক্ষা আৰু দুৰ্নীতি
চাকৰি,পৰীক্ষা আৰু দুৰ্নীতি
১২ বজাত পৰীক্ষা আৰম্ভণিৰ ঘণ্টা বজাৰ লগে লগেই পৰীক্ষাৰ্থীসকলক শ্বিল্ড খুলি লিখিবলৈ আহ্বান জনাই অনুপস্থিত সকলৰ অব্যৱহাৰ প্ৰশ্নকাকত আৰু OMR বোৰ সংগ্ৰহ কৰি উপস্থিতি আৰু অনুপস্থিতিৰ সংখ্যা মিলাবলৈ আৰম্ভ কৰিলোঁ৷তাৰপিছতেই গ্লোভছযোৰ পিন্ধি পৰীক্ষাৰ্থীসকলৰ পৰিচয় পত্ৰ পৰীক্ষা কৰা আৰু উত্তৰ বহী(OMR)ত নিৰীক্ষকৰ চহী কৰাত লাগিলোঁ৷সাধাৰণতে পৰীক্ষাৰ দায়িত্বত থাকিলে খুব খৰখেদাকৈ মোৰ নিজৰ কামবোৰ সমাপন কৰিব চেষ্টা কৰোঁ যাতে পৰীক্ষাৰ্থীৰ সময় নষ্ট নহয়৷আজিওঁ একেদৰেই কামবোৰ শেষ কৰি চকীখনত বহিছিলোহে মাত্ৰ৷পৰীক্ষা কেন্দ্ৰৰ Centre Incharge আৰু বিভাগীয় বিষয়া কোঠালৈ সোমাই আহি ঘোষণা কৰিলে "লিখা বন্ধ কৰক৷এই পৰীক্ষাটো ইতিমধ্যেই বাতিল কৰা হৈছে৷পৰীক্ষাৰ প্ৰশ্নকাকত সামাজিক মাধ্যমযোগে ফাদিল হৈছে৷প্ৰশ্নকাকত আৰু উত্তৰ বহী জমা দি আপোনালোক যাব পাৰে৷"আমিওঁ আমাৰ দায়িত্ব সমাপন কৰিলোঁ৷পৰিক্ষাৰ্থীসকলৰ অসন্তুষ্টিয়ে আমাক কষ্ট দিয়ে৷চৰকাৰে নুবুজে৷
শিক্ষকতাই পেছা হোৱা বাবেই "নিৰীক্ষণ" কাৰ্যৰ লগত জড়িত হৈ থাকিব লগা হয়৷লাগিলে হাইস্কুল শিক্ষান্ত পৰীক্ষা,উচ্চতৰ মাধ্যমিকৰ বহী নিৰীক্ষণেই হওঁক অথবা বিভিন্ন চৰকাৰী চাকৰি বা প্ৰৱেশ পৰীক্ষাই হওঁক,দায়িত্বত থাকো আৰু পালন কৰো৷কেন্দ্ৰীয় চৰকাৰৰ পৰীক্ষাবোৰৰ আদৱ কায়দাবোৰ উন্নত৷কিছু পৰিমাণে কঠোৰ৷পৰিক্ষাৰ্থী সকলেওঁ বুজে এই কথা৷সেয়ে পূৰ্ব-প্ৰস্তুতি অবিহনে কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ পৰীক্ষাত কোনেওঁ অৱতীৰ্ণ হোৱাৰ কথা নাভাৱে৷কিন্তু অসম চৰকাৰৰ বেছিভাগ পৰিক্ষাৰ্থীয়ে OMR ত কেনেকৈ ঘহিব লাগে সেই সাধাৰণ কথাওঁ নাজানে৷তেওঁলোকক কোনোবা ৰাজনৈতিক নেতাই ধনৰ বিনিময়ত পঠিয়াই দিয়ে“যা,পৰীক্ষাত বহিলেই হব যা৷চাকৰি হব৷”এনেদৰে আশ্বস্ত হৈ অহা বহু পৰিক্ষাৰ্থীয়ে OMR ত একো নিলিখে৷উকাকৈ এৰি থৈ যায়৷পিছত ফলাফলত তেওঁলোকেই চাকৰি পায়৷এয়া অভিযোগ নহয়,বাস্তৱ৷কিছু প্ৰমাণো আছে৷আকৌ এয়া দূৰ্নিতি মুক্ত অসমৰ শ্লোগান দিয়া বৰ্তমানৰ চৰকাৰৰ দিনতেই হৈছে৷কোনটো বিভাগৰ কথা কম?স্বাস্থ্য বিভাগতো হৈছে এনেদৰে উকা বহী জমা দি যোৱা পৰিক্ষাৰ্থীৰ নিযুক্তি৷
ব্যৱস্থাৰ পৰিৱৰ্তন নাই হোৱা৷পৰিৱৰ্তন হোৱা বুলি ভূল নকৰিব৷এনেবোৰ কথাত যদি চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ হোৱাৰ সুযোগ থাকে অথবা সামাজিক মাধ্যমত বহুল চৰ্চা হয় তেন্তে মূখ্যমন্ত্ৰীয়ে তদন্ত ঘোষণা কৰি দোষীক কঠোৰ শাস্তি দিয়াৰ আশ্বাস দিব৷এইবোৰ ভেকো ভাওঁনাৰ বাদে আন একোৱেই নহয়৷আৰক্ষীৰ উপ-পৰিদৰ্শকৰ দৰে এটি পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল হোৱাৰ দায়িত্ব বিভাগীয় মূৰব্বীৰ৷শাস্তি কোনে পাব?কোনোবা পুঠিখলিহনাক দোষী সজাই ৰাইজৰ পৰা বাঃবাঃলব৷দূৰ্নীতিমুক্ত অসমৰ শ্লোগান অধিক তীব্ৰ হব৷সাধাৰণ জনতাই আচল কথাবোৰৰ ভূ নাপাব৷তেওঁলোকে ব্যস্ত হব কোনখন আচনিৰ কিমান টকা পাবলৈ কোনজন ৰাজনৈতিক নেতাৰ ওচৰলৈ যাব লাগিব অথবা কোনটো ঋণ লবলৈ কি কি নতুন নথি বনাব লাগিব৷এয়াই বাস্তৱ৷প্ৰশাসন যন্ত্ৰই সকলোকে বান্দৰৰ দৰে নচুৱাই আছে৷পৰীক্ষাৰ দায়িত্বত থকা সকলোবৱেই এই কথাবোৰ জানে৷প্ৰকাশ নকৰে ভয়ত৷কিজানিবা চৰকাৰৰ ৰোষত পৰেই৷আমাৰ দুখ লাগে৷এয়া অন্যায়৷উঠি অহা প্ৰজন্মক হতাশ কৰি বিপথে পৰিচালনা কৰা হৈছে৷প্ৰশাসন যন্ত্ৰৰ সততা অবিহনে এয়া ৰোধ সম্ভৱ নহয়৷কামনা কৰিছোঁ এই ব্যৱস্থাৰ বিৰুদ্ধে মূখ্যমন্ত্ৰী কঠোৰ হওঁক৷তদন্ত দিয়াটোৱেই সমাধান নহয়৷তদন্ত দিব লগা যাৰ বাবে হ’ল তেওঁলোকক অব্যাহতি দিয়ক৷ব্যৱস্থা আপোনা-আপুনি সঠিক দিশত আগবাঢ়িব৷
Comments
Post a Comment